Articles Letters to the editor

আকৌ অসমৰ কাগজ কল

0 blank 0
Read Time:4 Minute, 1 Second
অসমৰ কাগজ কলৰ বিষয়ে আগতে লিখিছোঁ, কিন্তু আকৌ লিখিব লগীয়া হল। আজি চিধা চিধিকৈ কেইটামান কথা লিখিম। কথা কেইটা হল :
১/ অসমত থকা কাগজ কল কেইটা নিলাম কৰিব কাৰণ সেই কল কেইটা লোকচান ত চলি আছে।
২/ ভাৰত চৰকাৰৰ মালিকানাধীন হিন্দুস্থান পেপাৰ লিমিটেডে যদি কাগজ কল কেইটা চলাব নোৱাৰে, তেন্তে ব্যক্তিগত কোম্পানী এ কেনেকৈ চলাব। যদি ব্যক্তিগত কোম্পানী এ চলাব পাৰে তেন্তে চৰকাৰে কিয় নোৱাৰে।
৩/ চৰকাৰৰ কিছু ব্যক্তিৰ কথা হল কৰ্মচাৰী সকল corrupted. কিয় ভাৰত চৰকাৰৰ শীৰ্ষ বিষয়া সকল ইমান দুৰ্বল নে যে তেনে কৰ্মচাৰীৰ বিৰুদ্ধে একো কৰিব নোৱাৰে। এই কথাটো এনে নহয় নে যে ৰোগী এজনক চিকিৎসা কৰাৰ পৰিবৰ্তে মাৰি পেলাব ?
৪/ কাগজ কল কেইটা কৰিবলৈ হিন্দুস্থান পেপাৰ লিমিটেড নামৰ ভাৰত চৰকাৰৰ কোম্পানী টোক অসম চৰকাৰে কাগজ কল দুটা বনাবলৈ মাটি অধিগ্ৰহণ কৰি দিছিল। কাগজ কল দুটা থকা অঞ্চলৰ ৰাইজে চৰকাৰক এই কামত সহযোগ কৰিছিল, কাৰণ তেওঁলোকে অসমৰ আৰু অসমৰ মানুহৰ উন্নতি বিচাৰিছিল, কিন্তু অসম চৰকাৰ আজি কিয় মৌন হৈ আছে।
৫/ অসম চৰকাৰে কাগজ কল দুটা নিলামত কিনি লওক আৰু উপযুক্ত মানুহে কল দুটা চলাওক। ইমান ডাঙৰ ৰাজ্য এখন চলাবলৈ যদি অসম চৰকাৰৰ মানুহ আছে তেন্তে এই কাগজ কল দুটা চলাবলৈ মানুহৰ ইমান অভাৱ হল নে ?
৬/ কাগজ কল দুটাই যদি লোকচান ভৰি আছে, তেন্তে ব্যক্তিগত কোম্পানী এ কিয় কিনিব, কি ৰহস্য আছে। নে চৰকাৰী মানুহতকৈ ব্যক্তিগত কোম্পানী বেছি talented. যদি লোকচান ভৰি থকা নাই তেন্তে বিক্ৰী কৰিব কিয়? চৰকাৰে ঘোষণা কৰিব বিচাৰে নেকি তেওঁলোক চৰকাৰত কৈ বেছি efficient ?
৭/ অসম চৰকাৰৰ প্ৰতি আমাৰ আহ্বান আপোনালোকে কাগজ কল দুটা কিনি চলোৱাৰ ব্যবস্থা কৰক। আপোনালোকে পাৰিব, মাত্ৰ কথাটো মন কৰক।
৮/ আপোনালোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি ত কৈছিল যে এক লাখ লোকক সংস্থাপন দিব, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকক চৰকাৰী চাকৰি দিব। কাগজ কল দুটা নিজা ববিয়াকৈ চলাই আপোনালোকে বহুমুখী সংস্থাপন দিব পৰিব
– কাগজ কলত চাকৰি
– কাগজ কলৰ ওচৰে পাজৰে কিছু ক্ষুদ্ৰ ব্যৱসায়ীৰ সংস্থাপন।
– বাঁহ খেতিৰ দ্বাৰাই সংস্থাপন – অসম আৰু ইয়াৰ ওচৰ পাজৰৰ ৰাজ্য কেইখন বাঁহ খেতিৰ বাবে উপযুক্ত জলবায়ু আছে।
– ট্ৰাক চালক, ট্ৰাক ৰ মালিক, লোডিঙ – আন্লদিং কৰা শ্ৰমিক, বিভিন্ন বস্তুৰ যেনে বাঁহ, কয়লা, চূণ, ইত্যাদিৰ সৰবৰাহ কৰা ব্যক্তি আদি।
– কাগজ কল কেইটাত ব্যবহৃত নোহোৱা মাটি সমূহৰ উপযুক্ত ব্যবহাৰ
– কাছাৰ কাগজ কলৰ ভিতৰত থকা খনিজ তেল আৰু অন্যান্য খনিজ পদাৰ্থৰ উপযুক্ত ব্যবহাৰ ইত্যাদি।
আমাৰ অসম চৰকাৰৰ প্ৰতি আহ্বান আহক আমি কাগজ কল দুটা কিনি আমাৰ মানুহৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰোঁ।
Author: Bhaben Choudhury
(The author is the state co-ordinator of Aam Admi Party Assam)
blank

About Post Author

The Business Daily

The Business Daily is North East India’s first Financial News Portal. This Pink Portal covers all big breaking news from the world of Business, Brands, Politics, Entertainments, Sports etc.
Happy
Happy
0 %
Sad
Sad
0 %
Excited
Excited
0 %
Sleepy
Sleepy
0 %
Angry
Angry
0 %
Surprise
Surprise
0 %
blank
The Business Daily
The Business Daily is North East India’s first Financial News Portal. This Pink Portal covers all big breaking news from the world of Business, Brands, Politics, Entertainments, Sports etc.
http://www.thebusinessdaily.in

Average Rating

5 Star
0%
4 Star
0%
3 Star
0%
2 Star
0%
1 Star
0%

Leave a Reply

Your email address will not be published.