News Miscellaneous

গুৱাহাটীৰ ৰেপিডো কাৰ্যালয়ত হিংসাত্মক ঘটনা সংঘটিত কৰা নিলম্বিত কেপ্টেইনসকলৰ ওপৰত আভ্যন্তৰীণ তদন্ত চলাব ৰেপিডো বাইক কতৃপক্ষই

0 blank 0
Read Time:3 Minute, 0 Second

গুৱাহাটীঃ অজ্ঞাত ব্যক্তিৰ সৈতে কেইজনমান নিলম্বিত কেপ্টেইন ৰেপিডো বাইকৰ গুৱাহাটী কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু উপস্থিত কৰ্মচাৰীৰ সৈতে হিংসাত্মক কাৰ্যত লিপ্ত হয়, লগতে কোম্পানীৰ সম্পত্তি ক্ষতিগ্ৰস্ত কৰে। ৰেপিডোৰ বাধ্যতামূলক কাৰ্যকৰী নিয়মাৱলী অনুসৰণ নকৰাৰ বাবে ৰেপিডোৱে অলপতে গুৱাহাটীত তেওঁলোকৰ কেইজনমান কেপ্টেইনক নিলম্বন কৰিছিল। তেতিয়াৰ পৰা, নিলম্বিত কেপ্টেইনসকলে চহৰখনত ৰেপিডোৰ বাইক টেক্সি কাৰ্যকলাপত নিৰন্তৰ বাধাৰ সৃষ্টি কৰি আহিছে।

লগতে কেপ্টেইনসকলৰ পৰা নিৰন্তৰ প্ৰতিবেদন পোৱা গৈছে যে তেওঁলোকক এই নিলম্বিত কেপ্টেইনসকলে কামত থাকোঁতে বাধা দি আছে আৰু মৌখিক আৰু শাৰীৰিক ভাৱে তেওঁলোকক হাৰাশাস্তি আৰু উৎপীড়ন কৰিছে।

“আমি নিলম্বিত কেপ্টেইনসকলৰ এই আক্ৰমণাত্মক আৰু হিংসাত্মক আচৰণ তথা কোম্পানী আৰু অন্যান্য কেপ্টেইনসকলৰ সুনাম ক্ষতিগ্ৰস্থ কৰাৰ এই বিদ্বেষপূৰ্ণ অভিপ্ৰায়ক তীব্ৰ গৰিহণা দিছো। আমি কৰ্তৃপক্ষক তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছো যাতে আমি বিগত ৫ বছৰত আমাৰ কেপ্টেইনসলৰ লগতে গুৱাহাটীত থকা আমাৰ গ্ৰাহকসকলৰ বাবে যি এক সুৰক্ষিত পৰিৱেশৰ সৃষ্টি কৰিছো সেই পৰিৱেশ সংৰক্ষণ কৰাত সহায় কৰিব পাৰো।” বিভাগীয় বিজ্ঞপ্তিত কোৱা হৈছে।

ইয়াৰ উপৰিও, নিলম্বিত কেপ্টেইনসকলৰ প্ৰৰোচনাত কিছুসংখ্যক বাইক টেক্সি ইউনিয়নৰ দ্বাৰা ৰেপিডোৰ বিৰুদ্ধে কিছুমান ভিত্তিহীন অভিযোগ উত্থাপন কৰা হৈছে, আৰু দাবী কৰা হৈছে যে কোম্পানীটোৱে আমাৰ চি২চি ডেলিভাৰী সেৱাৰ জৰিয়তে অনৈতিক কাৰ্য্যত লিপ্ত হৈছে।

“আমি এনে অভিযোগ স্পষ্টভাৱে অস্বীকাৰ কৰোঁ আৰু কওঁ যে এই অভিযোগসমূহৰ ভিত্তিহীন তথা এইসমূহৰ কোনো প্ৰমাণিক ভিত্তি নাই। এই অভিযোগসমূহৰ আনুষ্ঠানিক তদন্ত কৰাৰ বাবে আমি স্থানীয় কৰ্তৃপক্ষক আমাৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। ইয়াৰ উপৰিও, আমি এই সন্দৰ্ভত এক সম্পূৰ্ণ আভ্যন্তৰীণ তদন্ত কৰিম।” ৰেপিডো বাইকৰ বিভাগীয় মুখপাত্ৰগৰাকীয়ে কয়।

 

blank

About Post Author

The Business Daily

The Business Daily is North East India’s first Financial News Portal. This Pink Portal covers all big breaking news from the world of Business, Brands, Politics, Entertainments, Sports etc.
Happy
Happy
0 %
Sad
Sad
0 %
Excited
Excited
0 %
Sleepy
Sleepy
0 %
Angry
Angry
0 %
Surprise
Surprise
0 %
blank
The Business Daily
The Business Daily is North East India’s first Financial News Portal. This Pink Portal covers all big breaking news from the world of Business, Brands, Politics, Entertainments, Sports etc.
http://www.thebusinessdaily.in

Average Rating

5 Star
0%
4 Star
0%
3 Star
0%
2 Star
0%
1 Star
0%

Leave a Reply

Your email address will not be published.