Letters to the editor

চৰকাৰৰ স্বাস্থ্য বিভাগলৈ পৰামৰ্শ

0 blank 0
Read Time:8 Minute, 10 Second

চৰকাৰী চিকিৎসা ব্যবস্থা সম্পূৰ্ণ বিনামূলীয়া কৰক, কাৰণ জনসাধাৰণৰ স্বাস্থ্য ৰক্ষা মৌলিক অধিকাৰ। আমাৰ অসমত এতিয়া সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা ব্যবস্থা নাই। প্ৰতিখন চৰকাৰী চিকিৎসালয়ত কিছু পৰিমাণে হলেও পইচা দিব লাগে। অন্ততঃ চৰকাৰী সমূহ চিকিৎসা ব্যবস্থা সম্পূৰ্ণ বিনামূলীয়া হব লাগে, যাতে নাগৰিকে চৰকাৰী স্বাস্থ্য সেৱা লবলৈ আগ্ৰহী হয়।

 

এই ক্ষেত্ৰত, মই অসম চৰকাৰৰ স্বাস্থ্য বিভাগক কেইটামান পৰামৰ্শ দিব খোজোঁ। অসমৰ গোটেই স্বাস্থ্য ব্যৱস্থাটোৰ আমূল পৰিবৰ্তন কৰিব লাগে। এই পৰিবৰ্তন একেদিনাই নহব পাৰে, কিন্তু অতি সহজে implement কৰিব পাৰি। এইখিনি কাম কৰিবলৈ নিম্ন লিখিত কাম খিনি কৰিব লাগিব আৰু স্বাস্থ্য বিভাগ টো কেইটামান ভাগত ভাগ কৰিব লাগিব।

 

১। প্ৰতিখন গাঁৱতে একোজনকৈ স্বাস্থ্য কৰ্মী থাকিব। ইতিমধ্যে চৰকাৰৰ এনে ধৰণৰ স্বাস্থ্য কৰ্মী বিভিন্ন designation ৰে চৰকাৰৰ স্বাস্থ্য বিভাগত কাম কৰি আছে। এতিয়া এই সকলক অথবা যদি প্ৰয়োজন হয় তেন্তে অধিক স্বাস্থ্য কৰ্মীক চাকৰি দি তেওঁলোকক প্ৰশিক্ষণ দিব লাগে। এই প্ৰশিক্ষণ চৰকাৰী ভাবে হলেও প্ৰয়োজন সাপেক্ষে ব্যক্তিগত চিকিৎসক অথবা ব্যক্তিগত চিকিৎসালয় সমূহৰ সহায় লওক। স্বাস্থ্য কৰ্মীজন তেখেতৰ নিজৰ গাওঁৰ হলে ভাল হয়। তাৰো বহুতো কাৰণ আছে; যেনে ধৰক গাঁওখনৰ নিজৰ হোৱা বাবে তেওঁ ২৪x৭ দিনে উপস্থিত থাকিব। বিশেষ অসুবিধা হলে বেলেগ কথা। গাওঁ খনৰ বাসিন্দা হোৱা বাবে , তেওঁ গাঁওখনৰ সকলোৰে চিনাকি হব আৰু স্বাস্থ্য কৰ্মী জনৰ দায়িত্ব বোধ বেছি থাকিব। প্ৰয়োজন সাপেক্ষে তেওঁ দিন বা ৰাতি যি কোনো সময়ত তেওঁ উপস্থিত হব পাৰিব।

২। প্ৰতিজন ব্যক্তিৰে এটা স্বাস্থ্য সম্পৰ্কীয় কড নম্বৰ অথবা registration নম্বৰ থাকিব, যিটো কড নম্বৰ ক্লিক কৰি ব্যক্তি গৰাকীৰ স্বাস্থ্য সম্পৰ্কীয় সকলো কথা গাওঁ খনৰ স্বাস্থ্য কৰ্মীৰ পৰা আদি কৰি স্বাস্থ্য মন্ত্ৰী লৈকে সকলোৱে ( অনুমতি প্ৰাপ্ত ) চাব পাৰিব।

৩। স্বাস্থ্য কৰ্মী সকলক এনে ভাবে তৈয়াৰ কৰিব লাগিব যে, তেওঁ যাতে বুজি পায় যে তেওঁৰ নিজৰ গাওঁ খনৰ লোক সকলৰ স্বাস্থ্য ৰক্ষা কৰাটোৱেই তেওঁৰ বাবে যে দেশ প্ৰেমৰ প্ৰথম চিনাকি । দেশ ভক্তি যে এনেদৰেও কৰিব পাৰি তেখেত সকলে এই কথাটো বুজি উঠা উচিত।

৪। এতিয়া এই স্বাস্থ্য কৰ্মী জনে গাঁওৰ প্ৰতিজন মানুহৰ ঘৰলৈ গৈ প্ৰতিজন মানুহৰ বাবে এটা কড নম্বৰ বা registration নম্বৰ দিব আৰু লগতে তেওঁক এখন এই নম্বৰ সহিতে এখন স্বাস্থ্য সম্পৰ্কীয় কাৰ্ড দিব, যাতে অশিক্ষিত মানুহেও নিজৰ কড নম্বৰ মনত ৰাখিব লগীয়া নহয়। ( এইখিনি কাম মাত্ৰ এবাৰ কৰিলেই হব) । তাৰ পিছত গাওঁ খনত শিশুৰ জন্ম হলেই এই স্বাস্থ্য কৰ্মী গৰাকী ঘৰলৈ গৈ শিশুটিৰ বাবে এখন কাৰ্ডৰ ব্যবস্থা কৰিব।

৫। ইয়াৰ পিছৰ কামটো হব স্বাস্থ্য কৰ্মী গৰাকীএ তেওঁৰ গাওঁ খনৰ প্ৰতিজন মানুহৰ স্বাস্থ্য আৰু ৰোগ সম্পৰ্কীয় data সমূহ সংগ্ৰহ কৰিব( এইখিনি কামো এবাৰ কৰিলেই হব, কাৰণ পিছলৈ প্ৰয়োজন সপক্ষে update কৰিলেই হব)।

এই খিনি কাম কৰিব পাৰিলেই অসমৰ প্ৰতিখন গাঁৱতেই একজনকৈ বিশেষ ভাৱে প্ৰশিক্ষণ প্ৰাপ্ত স্বাস্থ্য কৰ্মী থাকিব, যি গৰাকীয়ে গাওঁ খনৰ প্ৰতিজন মানুহৰ স্বাস্থ্য সম্পৰ্কীয় বুজ লৈ থাকিব আৰু প্ৰয়োজনীয় দিহা পৰামৰ্শ দি থাকিব।

৬। প্ৰতিখন পঞ্চায়ত অফিচত একোজন চিকিৎসক থাকিব আৰু তেওঁৰ দায়িত্ব হব সেই পঞ্চায়তৰ অধীনৰ গাওঁ সমূহৰ স্বাস্থ্য ৰক্ষা কৰা আৰু তেওঁক এই স্বাস্থ্য কৰ্মী সকলে সহায় কৰিব।

৭। স্বাস্থ্য কৰ্মী সকলে প্ৰতি সপ্তাহৰ এটা দিন নিৰ্দিষ্ট কৰি পঞ্চায়ত চিকিৎসালয়লৈ যাব আৰু সপ্তাহৰ ৰোগ সম্পৰ্কীয় ( তেওঁৰ গাওঁৰ) সকলো তথ্য কম্পিউটাৰত লিপিবদ্ধ কৰিব।

৮। এই কামখিনি কৰিবলৈ প্ৰতিজন নাগৰিকৰ বিৰুদ্ধে দিয়া ৰেজিষ্ট্ৰেচন নম্বৰৰ সহায় লব লাগিব।

৯। এই পঞ্চায়তৰ চিকিৎসক জনে স্বাস্থ্য কর্মী সকলে পঠিওৱা সকলো ৰোগী চাব আৰু ৰোগৰ তথ্য সেই নিৰ্দিষ্ট মানুহ জনৰ ৰেজিষ্ট্ৰেচন নম্বৰত লিপিবধ্য কৰিব।

১০। সাধাৰণতে এটা পঞ্চায়তৰ অধীনত ৮-১০ খন গাওঁ থাকে, গতিকে সেইদিনা পঞ্চায়ত চিকিৎসক গৰাকীএ প্ৰতিজন স্বাস্থ্য কর্মিৰ পৰা গাঁৱৰ মানুহৰ স্বাস্থ্যৰ বুজ লব আৰু স্বাস্থ্য সম্পৰ্কীয় নতুন কিবা বিধান বা নিৰ্দেশ থাকিলে জনাই দিব।

১১। স্বাস্থ্য কৰ্মী গৰাকীএ refer কৰা ৰোগী সমূহ এই পঞ্চায়ত চিকিৎসক গৰাকীএ চাব আৰু নিৰ্দেশনা দিব। এই পঞ্চায়ত চিকিৎসক গৰাকীএ প্ৰয়োজন সাপেক্ষে ৰোগীক জিলাৰ চিকিৎসালয়লৈ পঠিয়াব পাৰিব।

গতিকে পঞ্চায়াতৰ চিকিৎসা কেন্দ্ৰটো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হব। আৰু পঞ্চায়তৰ চিকিৎসক গৰাকীএ দৰকাৰ হলে ৰোগী জিলা পৰ্যায়ৰ চিকিৎসালয়লৈ পঠিয়াব পাৰিব আৰু জিলা চিকিৎসালয় সমূহ secondary চিকিৎসালয় হিচাবে চিনাক্ত কৰা হব। জিলা চিকিৎসালয়ত সকলো ধৰণৰ বিশেষজ্ঞ চিকিৎসক থাকিব

জিলা চিকিৎসালয়এ ৰোগীক মেডিকেল কলেজ সমূহলৈ পঠিয়াব পাৰিব আৰু মেডিকেল কলেজ সমূহ tertiary চিকিৎসা কেন্দ্ৰ হিচাবে চিহ্নিত হব। Tertiary চিকিৎসা কেন্দ্ৰ সমূহত ছুপাৰ specialityৰ ব্যবস্থা থাকিব 1

প্ৰতিজন চিকিৎসকে ৰোগীৰ সবিশেষ তেওঁৰ ৰেজিষ্ট্ৰেচন নম্বৰৰ বিৰুদ্ধে লিপিবধ্য কৰিব।

এতিয়া আহিল ব্যক্তিগত চিকিৎসালয় আৰু ব্যক্তিগত ক্লিনিক, পৰীক্ষাগাৰ আদি সমূহ। এইবিলাক এই চিকিৎসা চেইনৰ অন্তৰ্ভুক্তি কৰা উচিত হব।

(ৰাজ্য খনৰ স্বাস্থ্য ব্যৱস্থাটোৰ এইটো এটা সাৰাংশ মাত্ৰ। )

By Dr Bhaben Choudhary

 

blank

About Post Author

The Business Daily

The Business Daily is North East India’s first Financial News Portal. This Pink Portal covers all big breaking news from the world of Business, Brands, Politics, Entertainments, Sports etc.
Happy
Happy
0 %
Sad
Sad
0 %
Excited
Excited
0 %
Sleepy
Sleepy
0 %
Angry
Angry
0 %
Surprise
Surprise
0 %
blank
The Business Daily
The Business Daily is North East India’s first Financial News Portal. This Pink Portal covers all big breaking news from the world of Business, Brands, Politics, Entertainments, Sports etc.
http://www.thebusinessdaily.in

Average Rating

5 Star
0%
4 Star
0%
3 Star
0%
2 Star
0%
1 Star
0%

Leave a Reply

Your email address will not be published.