News India This Week

পি.আৰ.চি.আই-ৱাই.চি.চি. উত্তৰ-পূবে গৌৰৱ মাহ উপলক্ষে এল.জি.বি.টি.কিউ.আই.এ+ সন্দৰ্ভত ৱেবিনাৰ অনুষ্ঠিত কৰে

1 blank 0
Read Time:3 Minute, 12 Second

গুৱাহাটীঃ ভাৰতীয় জনসম্পৰ্ক পৰিষদৰ (পি.আৰ.চি.আই.) শিক্ষাৰ্থী শাখা ইয়ং কমিউনিকেটৰ্ছ ক্লাব উত্তৰ-পূৱ অধ্যায়ে (ৱাই.চি.চি.) এল.জি.বি.টি.কিউ.আই.এ+ গৌৰৱ মাহ উপলক্ষে এলজিবিটিকিউআইএ+ সন্দৰ্ভত  এক ৱেবিনাৰ অনুষ্ঠিত কৰে। ৱেবিনাৰখনৰ মুখ্য উদ্দেশ্য আছিল লিংগ, লিংগভেদ আৰু যৌনতাৰ বিষয়ে সম্যক জ্ঞান প্ৰদান তথা সমগ্ৰ দেশত আৰু বিশেষকৈ উত্তৰ-পূব ভাৰতত এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ সমস্যা আৰু প্ৰয়োজনীয়তাসমূহ বুজি পোৱা।

অনুষ্ঠানটোত মূখ্যবক্তা আছিল তেজপুৰৰ মানৱ অধিকাৰ কৰ্মী তথা ‘শব্দ’ শীৰ্ষক অনুষ্ঠানটোৰ  সহ-প্ৰতিষ্ঠাতা অৰ্পনা চৌধুৰী ।  তেখেতৰ উপস্থাপনৰ বিষয় আছিল লিংগ, লিংগভেদ আৰু যৌনতাৰ আৰু ইয়াৰ লগত জড়িত কাল্পনিক কাহিনীসমূহ ছেদকৰণ। তেখেতে ভাৰতত এলজিবিটিকিউআইএ+ সম্প্ৰদায়ে সন্মুখীন হোৱা বিষয়বোৰ আৰু বিষয়টোৰ সম্পৰ্কে মানুহৰ ধাৰণা কেনেদৰে সলনি কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে। উল্লেখযোগ্য যে অৰ্পনাক অসমৰ আদিবাসী সম্প্ৰদায়ৰ ওপৰত কৰা তেখেতৰ কৰ্মৰাজীৰ বাবে  “ফৰ্বছে” ২০১৭ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত “৩০ অনুৰ্ধৰ ৩০” স্বীকৃতি প্ৰদান কৰিছিল।  এগৰাকী মানৱধিকাৰ কৰ্মী হোৱাৰ ওপৰিও অৰ্পনাই তেখেতৰ অনুষ্ঠান ‘শব্দ’ৰ জৰিয়তে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ সমস্যাৰাজিৰ ওপৰত নিৰৱিছিন্নভাৱে কাম কৰি আছে।

blank

অনুষ্ঠানটোত ৱাই.চি.চি. উত্তৰ-পূৱৰ সঞ্চালক তথা ৱেবিনাৰখনৰ আয়োজক শুভাঙ্কৰ বেনাৰ্জীয়ে কয়, “আমি এনে এক সংবেদনশীল বিষয়ত ৱেবিনাৰ অনুষ্ঠিত কৰি সুখী, এলজিবিটিকিউআইএ+ সম্প্ৰদায়ক বুজিপোৱাৰ বাবে সজাগতা সৃষ্টি হৈছে মৌলিক প্ৰয়োজনীয়তা আৰু মই নিশ্চিত যে ৱাই.চি.চি. উত্তৰ-পূৱে পৰিচালনা কৰা এই ৱেবিনাৰে আমাক বিষয়টোৰ গভীৰতা তথা এক সম্যক জ্ঞান প্ৰদান কৰাত সহায়ক হৈছে।”

অনুষ্ঠানটোত ভাৰতৰ বিভিন্ন স্থানৰ ৮০-৮৫ জনৰো অধিক শিক্ষাৰ্থীয়ে  অংশগ্ৰহণ কৰাৰ ওপৰিত, পি.আৰ.চি.আই. আৰু ৱাই.চি.চি.ৰ শীৰ্ষ ৰাষ্ট্ৰীয় নেতৃত্ববৃন্দয়েও যোগদান কৰে।  পি.আৰ.চি.আই.-ৱাই.চি.চি.ৰ ৰাষ্ট্ৰীয় অধ্যক্ষা চিন্ময়ী প্ৰবীণ বিশেষ অতিথি আৰু ৰাষ্ট্ৰীয় উপাধ্যক্ষ অবিনাশ গাৱাই অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

blank

About Post Author

The Business Daily

The Business Daily is North East India’s first Financial News Portal. This Pink Portal covers all big breaking news from the world of Business, Brands, Politics, Entertainments, Sports etc.
Happy
Happy
100 %
Sad
Sad
0 %
Excited
Excited
0 %
Sleepy
Sleepy
0 %
Angry
Angry
0 %
Surprise
Surprise
0 %
blank
The Business Daily
The Business Daily is North East India’s first Financial News Portal. This Pink Portal covers all big breaking news from the world of Business, Brands, Politics, Entertainments, Sports etc.
http://www.thebusinessdaily.in

Average Rating

5 Star
0%
4 Star
0%
3 Star
0%
2 Star
0%
1 Star
0%

Leave a Reply

Your email address will not be published.