Articles Guest Articles

অসমৰ চাহ জনগোষ্ঠী আৰু নিৰ্বাচন

0 blank 0
Read Time:5 Minute, 30 Second

অসমৰ নিৰ্বাচনত জন বিন্যাস ৰ প্ৰভাৱ যথেষ্ঠ পৰা দেখা গৈছে। শাসক শ্ৰেণী এ হিতাধিকৰিৰ সৃষ্টি কৰি ৰাজনৈতিক অংক কৰা পৰিলক্ষিত হৈছে, আৰু একেদৰেই প্ৰতিটো দলেই জন বিন্যাস ৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী কুজ কাৱাজ পৰিলক্ষিত হৈছে। আনকি বহু ক্ষেত্ৰত হিতাধিকাৰীৰ সৃষ্টিও জন বিন্যাস ৰ প্ৰতি লক্ষ্য ৰাখি কৰা হয় যেন অনুমান হয়।

অসমৰ প্ৰায় ৪০ টা সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ পয়োভৰ দেখা যায়। ৰাতাবাৰী, পাথাৰ কান্দি, উদাৰ বন্দ, লখিমপুৰ, বোকাজান, গোঁসাই গাওঁ, পানেৰী, মাজবাত, ঢেঁকীয়াজুলি, বৰ চলা, ৰঙাপৰ।, বিশ্বনাথ, বিহালি, গহপুৰ, কলিয়াবৰ, বোকাখাট, সৰুপথাৰ, খুমটাই, তিতাবৰ, মৰিয়নি, টিয়ক, নাজিৰা, মাহ মৰ।, সোণাৰি, থাও ৰা, নাওবৈচা, মৰাণ, লাহোৱাল, দুলিয়াজন, টিংখং, নাহৰকটীয়া, চাবুৱা, ডিগবৈ, মাৰ্ঘেৰিটা, ডুমডুমা, – এই ৩৫ ট।, সমষ্টিত, চাহ, জন গোষ্ঠী ভোটাৰৰ, ব্যাপক প্ৰভাৱ আছে। চতিয়া, গোলাঘাট, দেৰগাঁও, আমগুৰি, শদিয়া,- এই পাঁচটা সমষ্টিত চাহ জন গোষ্ঠী ভোটাৰৰ প্ৰভাৱ আছে। অৰ্থাৎ এই চল্লিশ সমষ্টিত চাহ জনগোষ্ঠীয়ভোট এ নিৰ্ণয়কৰ ভূমিকা গ্ৰহণ কৰে। কিন্ত্ত তথাপিও স্বাধীনতাৰ ৭৪ বছৰ পিছতো এই সমষ্টি কেইটাৰ চাহ সমষ্টিৰশোচনীয় অৱস্থাই গণতন্ত্ৰৰবিফলতাৰ দিশ টোৱেই আঙুলিয়াইদিয়ে। অকল সেৱাই নহয়, অসমৰ শতকৰা ১৮ ভাগ ভোটাৰ চাহ জনগোষ্ঠীয়, তথাপিও এই জনগোষ্ঠীৰ কোনো উন্নতি আজি পৰ্য্যন্ত পৰিলক্ষিত হোৱা নাই। প্ৰতিটোৰাজনৈতিক দলেই চাহ জন গোষ্ঠী ৰাইজক এক সুকীয়া মৰ্যদা দিম বুলি আভুৱা ভৰি আজি পৰ্য্যন্ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি আহিছে। ইয়াৰ প্ৰধান কাৰণ হল ৰাজনৈতিক দল সমূহৰ ধ্যান ধাৰণা আৰু জন গোষ্ঠীটোৰ অতি নিম্ন শিক্ষিতৰ হাৰ। অশিক্ষিত এই জন গোষ্ঠী টোক ৰাজনৈতিক দল সমূহে বিভাজনৰ ৰাজনীতি কৰি ভোট বেংক হিচাবেব্যবহাৰ কৰি আহিছে। কোনো ৰাজনৈতিক দলেই ইস্তাহাৰত চাহজন গোষ্ঠীৰ উন্নয়নৰ বাবে অতিপ্ৰয়োজনীয় শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাট ইত্যাদিৰ কথা নিলিখে, কিবা কাৰণত লিখিলেও সেই বোৰ পুৰাণ কৰাৰ নজিৰ নাই। এই লোকসকল বাস কৰা ঘৰ সমূহতেনে ই জৰাজীৰ্ণ, বোকা পানীৰ মাজতঅৱস্থিত, বিশুদ্ধ খোৱা পানীৰ অভাৱ, নাই কোনো যাতায়াতৰ সুব্যৱস্থা। চাহ বাগানৰ বাবু সকল অহা যোৱা কৰা ৰাস্তা কেইটা অলপ উন্নত, বাকী শ্ৰমিক সকলৰ বস্তি সমূহৰ ৰাস্তাৰ কোনো চিন চাব নাই। পঢ়া শুনা কৰিবলৈ স্কুলৰ অভাৱ। দুৰদুৰণিলৈ চাইকেল মাৰি পঢ়া শুনা কৰিব চেষ্টা কৰে যদিও সেয়াএপদি কচু শাকৰ এটা জলুকৰলেখীয়া। এখেত সকলক ইমান কমদিন হাজি ৰা দিয়াহয় যে তেখেত সকলে কোনো মতে পেটে ভাতে খাই থাকিব পাৰে, তাৰ বাহিৰে অন্য কথা চিন্তা কৰিবলৈ সময়নাপায়। তাতে আকৌ ব্যাপক ভাবে মাদক দ্ৰব্যৰ প্ৰচলন এ এই জন গোষ্ঠীটোৰ ৰাজহা়ৰ ভাঙি পেলাইছে। এই দৰেই চাহ জনগোষ্ঠী টো পিছুৱাই গৈ আছে। ৰাজনৈতিক দল সমূহে তাকেই বিচাৰে, জন গোষ্ঠীটো মাদক দ্ৰব্যৰ মাজত ডুবাই ৰাখি মাত্ৰ পেটৰ কাৰণে কাম কৰিবলৈ বাধ্য কৰে, যাতে অন্য কথা চিন্তা কৰিবলৈ সময় নেথাকে। এই ক্ষেত্ৰত চাহ জন গোষ্ঠীৰ নেতা সকলো কিছু পৰিমাণে দায়ী। জন গোষ্ঠীটোৰ বহুৰাজনৈতিক আৰু সামাজিক নেতা থাকিলেও তেওঁলোক দিশ হাৰ। হোৱা পৰিলক্ষিত হৈছে। সময়ৰ আহ্বান – চাহ জন গোষ্ঠীৰ নেতা সকলে একগোট হওঁক, মানসিকতাৰ পৰিবৰ্তন কৰক, নিজৰ জনগোষ্ঠীটোৰ কথা ভাবক, তেখেত সকলৰ উত্তৰণৰ কথা ভাবক, জন গোষ্ঠীটোৰ প্ৰতিজন উঠি অহা লৰা ছোৱালী উচ্চ শিক্ষিত কৰাৰ ব্যবস্থ্যা কৰক। দল মত ভেদে সকলো একগোট হওঁক আৰু উপৰোক্ত দাবী কৰক তেতিয়াহে অদূৰ ভৱিষ্যতে এই জন গোষ্ঠীটোৰ উত্তৰণ ঘটিব আৰু ৰাজ্যৰ ৰাজনীতিত ভালদৰে খোপনি পুতিব পাৰিব।

Author: Dr Bhaben Choudhury

blank

About Post Author

The Business Daily

The Business Daily is North East India’s first Financial News Portal. This Pink Portal covers all big breaking news from the world of Business, Brands, Politics, Entertainments, Sports etc.
Happy
Happy
100 %
Sad
Sad
0 %
Excited
Excited
0 %
Sleepy
Sleepy
0 %
Angry
Angry
0 %
Surprise
Surprise
0 %
blank
The Business Daily
The Business Daily is North East India’s first Financial News Portal. This Pink Portal covers all big breaking news from the world of Business, Brands, Politics, Entertainments, Sports etc.
http://www.thebusinessdaily.in

Average Rating

5 Star
0%
4 Star
0%
3 Star
0%
2 Star
0%
1 Star
0%

Leave a Reply

Your email address will not be published. Required fields are marked *